এই গোপনীয়তা ঘোষণা Bing-ৰ ৱেবচাইট, সেৱা আৰু পণ্যসমূহ আৰু প্রয়োগসমূহৰ বাবে প্ৰযোজ্য যিবোৰে ডাটা সংগ্রহ কৰে আৰু এই চর্তাৱলী প্রদর্শন কৰে আৰু লগতে তেওঁলোকৰ অফলাইন পণ্য সমর্থন সেৱাসমূহো প্রদর্শন কৰে৷ ই Microsoft-ৰ আন পণ্য আৰু সেৱাসমূহৰ বাবে প্রযোজ্য নহয় যিবোৰ Bing গোপনীয়তা ঘোষণাৰ সৈতে লিংক নকৰে।
বেছি ভাগ Microsoft ৰ চাইটে "কুকীজ" ব্যৱহাৰ কৰে, এইবোৰ হৈছে কেতবোৰ সৰু সৰু পাঠ ফাইল যিবোৰক আপোনাৰ হার্ড ড্রাইভত কুকীজ প্রেৰণ কৰা ড'মেইনৰ কোনো ৱেব চার্ভাৰেৰে পঢ়িব পৰা যায়। আপোনাৰ পছন্দসমূহ আৰু ছেটিংছ সঞ্চয় কৰিবলৈ; চাইন-ইন কৰোতে সহায় লাভ কৰিবলৈ; গ্রাহকক উদ্দেশ্য কৰি বিজ্ঞাপন প্রেৰণ কৰিবলৈ আৰু চাইটৰ কার্যকলাপসমূহ বিশ্লেষণ কৰিবলৈ কুকীজ ব্যৱহাৰ কৰিব পাৰো।
আমি কুকীজ বিতৰণ কৰিবলৈ আৰু বিশ্লেষণসমূহ সংকলন কৰিবলৈ ৱেব বেকনো ব্যৱহাৰ কৰো। এইবোৰত তৃতীয় পক্ষৰ ৱেব বেকন অন্তর্ভুক্ত থাকিব পাৰে যিবোৰক আপোনাৰ ব্যক্তিগত তথ্য সংগ্রহ কৰাৰ বিৰুদ্ধে নিষেধ কৰা হৈছে।
কুকীজ আৰু অনুৰূপ প্রযুক্তিসমূহক নিয়ন্ত্রণ কৰিবলৈ আপুনি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিব পাৰে, এইবোৰৰ ভিতৰত অন্তর্ভুক্ত আছে:
আমাৰ দ্বাৰা কুকীজৰ ব্যৱহাৰ
বেছি ভাগ Microsoft ৱেবচাইটে "কুকীজ" ব্যৱহাৰ কৰে, এইবোৰ হৈছে আপোনাৰ হাৰ্ড ডিক্সত কোনো ৱেব চাৰ্ভাৰে স্থাপন কৰা কিছুমান সৰু পাঠ ফাইল৷ কুকীজত কিছুমান পাঠ থাকে যিবোৰক আপোনালৈ কুকীজ প্রেৰণ কৰা ড'মেইনটোৰ কোনো ৱেব চার্ভাৰে পঢ়িব পাৰে। এই পাঠটোত প্রায়ে সংখ্যা আৰু আখৰৰ একোটা ৰাশি থাকে যিয়ে আপোনাৰ কম্পিউটাৰটোক একক ভাবে চিনাক্ত কৰিব পাৰে, কিন্তু ইয়া আন তথ্যও থাকিব পাৰে। ইয়াত আপুনি আমাৰ কোনো এটা ৱেব চাইটলৈ যাওতে Microsoft এ আপোনাৰ হার্ড ডিস্কত স্থাপন কৰা কোনো কুকীত থকা পাঠৰ উদাহৰণ এটা দিয়া হৈছে: E3732CA7E319442F97EA48A170C99801
আমি যিবোৰ কাৰণত কুকিজ ব্যৱহাৰ কৰো সেইবোৰ হৈছে:
আমি সচৰচৰ ব্যৱহাৰ কৰা কিছুমান কুকিজ তলত দিয়া তালিকাত দেখুৱা হৈছে। অৱশ্যে এই তালিকাখন সম্পূর্ণ নহয় কিন্তু আমি কিয় কুকিজ স্থাপন কৰো তাৰ কাৰণবোৰ দর্শাবলৈহে ইয়াক উদাহৰণ হিচাবে দেখুৱা হৈছে। আপুনি যদি আমাৰ ৱেবচাইটবোৰলৈ যায় তেতিয়া চাইটটোৱে তলত দিয়া কিছুমান বা সকলোবোৰ কুকিজ ছেট কৰিব পাৰে:
Microsoft এ আপুনি আমাৰ ৱেব চাইটলৈ আহোতে ছেট কৰা কুকীজৰ বাহিৰেও আপুনি Microsoft ৰ চাইটলৈ যাওতে তৃতীয় পক্ষসমূহেও আপোনাৰ হার্ড ডিস্কত কেতবোৰ নির্দিষ্ট কুকীজও ছেট কৰিব পাৰে। কিছুমান ক্ষেত্রত, চাইট বিশ্লেষণৰ দৰে কোনো নির্দিষ্ট সেৱা প্রদান কৰিবলৈ আমাৰ হৈ দ্বায়িত্ব পালন কৰিবলৈ আমি নিয়োগ কৰিছো বাবে ই ঘটে। আন কিছুমান ক্ষেত্রত ই এই কাৰণে ঘটে কাৰণ আমাৰ ৱেব পেজত ভিডিঅ', বাতৰি বা আন বিজ্ঞাপনৰ দৰে নেটৱর্কৰ দ্বাৰা প্রেৰণ হোৱা বিজ্ঞাপন আমাৰ ৱেব পেজত তৃতীয় পক্ষৰ বিষয়বস্তু বা বিজ্ঞাপন অন্তর্ভুক্ত কৰা হয়। কাৰণ আপোনাৰ ব্রাউজাৰে সেই বিষয়বস্তু পুনৰুদ্ধাৰ কৰিবলৈ তৃতীয় পক্ষৰ ৱেব চার্ভাৰসমূহক সংযোগ কৰিব, সেই তৃতীয় পক্ষসমূহে আপোনাৰ হার্ড ড্রাইভত কুকীজ ছেট কৰিবলৈ বা নিজৰ কুকীজ পঢ়িবলৈ সক্ষম হয়।
কুকীজ কেনেকৈ নিয়ন্ত্রণ কৰা হয়
উদাহৰণ স্বৰূপে, তলত দিয়া পদক্ষেপবোৰ গ্রহণ কৰি আপুনি Internet Explorer 9 ত কুকিজক বাধা দিব পাৰে:
আন ব্রাউজাৰসমূহত কুকীজ বাধা দিয়াৰ নির্দেশাৱলী http://www.allaboutcookies.org/manage-cookies/।
অনুগ্রহ কৰি জানি লওক যে যদি আপুনি কুকীজক বাধা দিবলৈ সিদ্ধান্ত লয়, তেতিয়া আপুনি কুকীজৰ ওপৰত নিৰ্ভৰ কৰা Microsoft চাইট আৰু সেৱাসমূহত চাইন ইন কৰিব আৰু পাৰস্পৰিক বিনিময় সক্ষম কৰা বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু কিছুমান বিজ্ঞাপন পছন্দসমূহৰ প্রতি সঁহাৰি জনাবলৈ সক্ষম নহ'ব যিবোৰ কুঁকিজৰ ওপৰত নিৰ্ভৰশীল৷
উদাহৰণ স্বৰূপে, তলত দিয়া পদক্ষেপবোৰ গ্রহণ কৰি আপুনি Internet Explorer 9 ত কুকীজক মচি পেলাব পাৰে:
Iআন ব্রাউজাৰসমূহত কুকীজ মচি পেলোৱাৰ নির্দেশাৱলী http://www.allaboutcookies.org/manage-cookies/।
অনুগ্রহ কৰি জানি লওক যে যদি আপুনি কুকীজক বিলোপ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া এই কুকিজৰ দ্বাৰা নিয়ন্ত্ৰিত চেটিংছ আৰু পছন্দসমূহ, য'ত বিজ্ঞাপন পছন্দসমূহো অন্তর্ভুক্ত, এই সকলোবোৰ বিলোপ হ'ব আৰু পুনৰাই তৈয়াৰ কৰিব পৰা নাযাব।
"অনুসৰণ নকৰিব" আৰু অনুসৰণ সুৰক্ষাৰ বাবে ব্রাউজাৰ নিয়ন্ত্রণ। কিছুমান নতুন ব্রাউজাৰে “অনুসৰণ নকৰিব” বৈশিষ্ট্যসমূহ সন্নিবিষ্ট কৰিছে। এই বৈশিষ্ট্যসমূহৰ বেছি ভাগেই অন কৰাৰ লগে লগে আপুনি যোৱা ৱেব চাইটলৈ কোনো সংকেত বা পছন্দ প্রেৰণ কৰে যিয়ে সূচনা দিয়ে যে আপোনাক অনুসৰণ কৰাতো আপুনি বিচৰা নাই। আপুনি আপোনাৰ পছন্দ সুস্পষ্টকৈ প্রকাশ কৰিলেও, এইবোৰৰ গোপনীয়তা ৰীতিৰ ওপৰত নির্ভৰ কৰি, এই চাইটবোৰে (বা এই চাইটবোৰত থকা তৃতীয় পক্ষৰ অন্তর্বস্তু), এনে কিছুমান কার্যকলাপত লিপ্ত হ'ব পাৰে যিবোৰক আপুনি অনুসৰণ বুলি ভাবিব পাৰে।
Internet Explorer 9 আৰু 10 ত অনুসৰণ সুৰক্ষা নামৰ এটা বৈশিষ্ট্য আছে যিয়ে আপুনি যোৱা ৱেব চাইটবোৰক তৃতীয় পক্ষলৈ স্বয়ংক্রিয় ভাবে আপোনাৰ বিষয়ে সবিশেষ তথ্য প্রেৰণ কৰাত বাধা দিয়ে। আপুনি যেতিয়া অনুসৰণ সুৰক্ষা তালিকা এটা সংযুক্ত কৰে, Internet Explorer এ তেতিয়া অৱৰুদ্ধ তালিকাত থকা কোনো চাইটৰ পৰা আহিব পৰা তৃতীয় পক্ষৰ অন্তর্বস্তুক বাধা দিব য'ত কুকীজো সন্নিবিষ্ট থাকিব। এই চাইটসমূহলৈ কৰা কলবোৰ সীমিত কৰি Internet Explorer এ এই তৃতীয় পক্ষৰ চাইটসমূহে আপোনাৰ বিষয়ে কৰা তথ্য সংগ্রহো সীমিত কৰিব। আৰু যেতিয়া আপোনাৰ অনুসৰণ সুৰক্ষা তালিকা সক্ষম হৈ থাকে, আপুনি যোৱা চাইটসমূহলৈ Internet Explorer এ অনুসৰণ নকৰিব এই সংকেতটো বা আপোনাৰ এই পছন্দটো প্রেৰণ কৰিব। ইয়াৰ বাহিৰেও, আপুনি আপোনাৰ পছন্দ অনুসৰি স্বতন্ত্র ভাবে Internet Explorer 10-ৰ DNT-ক "অফ" বা "অফ" কৰিব পাৰে। ট্ৰেকিং প্ৰটেকশ্যন লিষ্ট আৰু ডু নট্ ট্ৰেক-ৰ বিষয়ে অধিক বিস্তৃত তথ্যৰ বাবে অনুগ্ৰহ কৰি ইণ্টাৰনেট এক্সপ্ল’ৰাৰ গোপনীয়তা বিৱৰণ অথবা ইণ্টাৰনেট এক্সপ্ল ৰাৰ হেল্প চাওক।
ব্যক্তিগত বিজ্ঞাপন কোম্পানীসমূহেও তেওঁলোকৰ নিজৰ অপ্ট-আউট সক্ষমতা আৰু লগতে অধিক উন্নত বিজ্ঞাপনৰ পছন্দসমূহ অফাৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে, মাইক্ৰ’চ’ফ্টৰ বিজ্ঞাপন পচন্দ তথা অপ্ট-আউট নিয়ন্ত্ৰণবোৰইয়াত উপলভ্য হয়ঃ http://choice.live.com/advertisementchoice/। অনুগ্রহ কৰি নোট কৰিব যে বিজ্ঞাপন গ্রহণ নকৰাৰ সিদ্ধান্ত ললে এইটো নুবুজাই যে আপুনি বিজ্ঞাপন লাভ একেবাৰেই নকৰিব বা অতি কম সংখ্যক বিজ্ঞাপন লাভ কৰিব, যদি আপুনি বিজ্ঞাপন গ্রহণ নকৰাৰ সিদ্ধান্ত লয় তেন্তে আপুনি লাভ কৰা বিজ্ঞাপনবোৰ আচৰণ আধাৰিত নির্দিষ্ট গ্রাহকক উদ্দেশ্য কৰা প্রকাৰৰ নহ'ব। ইয়াৰ বাহিৰেও, এনে বিজ্ঞাপন লাভ নকৰাৰ বিকল্প গ্রহণ কৰিলেও আমাৰ চার্ভাৰলৈ তথ্য যাবই, কিন্তু ই আমাক প্র'ফাইল সৃষ্টি বা নৱীকৰণ কৰাত বাধা প্রদান কৰে যাক আচৰণৰ ভিত্তিত গ্রাহকক লক্ষ্য কৰি প্রেৰিত বিজ্ঞাপনত ব্যৱহাৰ কৰা হয়।
আমাৰ ৱেব বিকনচৰ ব্যৱহাৰ
Microsoft ৱেব পেজসমূহত ইলেক্ট্ৰনিক প্ৰতিচ্ছবি থাকিব পাৰে যাক ৱেব বিকন ৰূপে জনা যায় - কেতিয়াবা ইয়াক চিঙ্গল-পিক্সেল জিআইএফচ বুলিও কোৱা হয় - এইবোৰে আমাৰ চাইটসমূহত কুকিজ বিতৰণ কৰাত সহায় কৰে আৰু আমাৰ এই পেজবোৰলৈ অহা ব্যৱহাৰকাৰীসকলক গণনা কৰিবলৈ আৰু কো-ব্রেণ্ডেড সেৱাসমূহ বিতৰণ কৰিবলৈ অনুমতি দিয়ে৷ বাৰ্তাসমূহ খোলা হৈছে নে নাই বা এইবোৰৰ ওপৰত কাৰ্য সম্পাদিত হৈছে নে নাই নিৰ্ধাৰণ কৰিবলৈ আমি প্ৰ'মশ্বনেল ই-মেইল বাৰ্তাসমূহত বা আমাৰ সংবাদপত্রিকাসমূহত ৱেব বেকনসমূহ অন্তৰ্ভুক্ত কৰিব পাৰো৷
আমি তেওঁলোকৰ চাইটসমূহত বা বিজ্ঞাপনসমূহত ৱেব বিকন স্থাপন কৰিবলৈ Microsoft-ৰ চাইটসমূহত বিজ্ঞাপন প্ৰদর্শন কৰা আন কোম্পানীসমূহক সহযোগ কৰিব পাৰো যাতে তেওঁলোকে আমাক Microsoft-ৰ চাইটত থকা বিজ্ঞাপনত ক্লিক কৰাৰ ফলত কিমান সঘনে ক্রয় সম্পন্ন হয় বা বিজ্ঞাপকৰ চাইটত আন ক্রিয়া সম্পন্ন হয় তাৰ পৰিসংখ্যা বিকাশ কৰাৰ অনুমতি দিয়ে৷
অৱশেষত, Microsoft-ৰ চাইটসমূহত তৃতীয় পক্ষৰ ৱেব বেকনসমূহ থাকিব পাৰে যাৰ দ্বাৰা আমি আমাৰ প্র'মৱশ্বনেল অভিযান বা আন ৱেব চাইট কার্যকলাপসমূহৰ সফলতাৰ এক থুলমূল পৰিসংখ্যা প্রস্তুত কৰিব পাৰো। এই ৱেব বেকনসমূহে তৃতীয় পক্ষসমূহক আপোনাৰ কম্পিউটাৰত কোনো কুকী ছেট কৰিবলৈ বা পঢ়িবলৈ অনুমতি দিয়ে। আমি আমাৰ চাইটসমূহত আপোনাৰ ব্যক্তিগত তথ্য সংগ্রহ বা এইবোৰত প্রৱেশ কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰো। যি কি নহওক, আপুনি তলত দিয়া বিশ্লেষণ প্রদানকাৰীসকলৰ প্রত্যেক বাবে থকা লিংকত ক্লিক কৰি এই তৃতীয় পক্ষৰ বিশ্লেষণ কোম্পানীসমূহৰ দ্বাৰা ডাটা সংগ্রহ বা এইবোৰৰ ব্যৱহাৰ গ্রহণ নকৰে বুলি সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব পাৰে:
আন অনুৰূপ প্রযুক্তিসমূহ
সাধাৰণ কুকীজ আৰু ৱেব বেকনসমূহৰ বাহিৰেও, আপোনাৰ কম্পিউটাৰত থকা ডাটা ফাইল সঞ্চয় আৰু পঢ়িবলৈ ৱেব চাইটসমূহে আন প্রযুক্তিও ব্যৱহাৰ কৰিব পাৰে। স্থানীয় ভাবে কিছু নির্দিষ্ট ফাইল সঞ্চয় কৰি আপোনাৰ পছন্দসমূহ তত্বাবধান কৰিবলৈ বা গতি আৰু কার্যকাৰিতা উন্নত কৰিবলৈ ইয়াক সম্পন্ন কৰিব পাৰি। কিন্তু, সাধাৰণ কুকীজৰ দৰে, আপোনাৰ কম্পিউটাৰৰ বাবে কোনো এক একক চিনাক্তকাৰী সঞ্চয় কৰিবলৈকো ইয়াক ব্যৱহাৰ কৰিব পাৰি, ইয়াক আচৰণ অনুসৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। এই প্রযুক্তিসমূহৰ ভিতৰত লোকেল শ্বেয়ার্ড অবজেক্ট (বা "ফ্লেশ্ব কুকীজ") আৰু Silverlight প্রয়োগ সঞ্চয় অন্তর্ভুক্ত।
লোকেল শ্বেয়ার্ড অবজেক্ট বা "ফ্লেশ্ব কুকীজ।" যিবোৰ ৱেব চাইটে Adobe Flash প্রযুক্তি ব্যৱহাৰ কৰে সেইবোৰে আপোনাৰ কম্পিউটাৰত ডাটা সঞ্চয় কৰিবলৈ লোকেল শ্বেয়ার্ড অবজেক্ট বা "ফ্লেশ্ব কুকীজ" ব্যৱহাৰ কৰিব পাৰে। নোট কৰিব যে সাধাৰণ কুকীজৰ বাবে Flash কুকীজ পৰিষ্কাৰ কৰাৰ সক্ষমতা আপোনাৰ ব্রাউজাৰ ছেটিংৰ দ্বাৰা নিয়ন্ত্রিত নহ'বও পাৰে, কাৰণ ব্রাউজাৰ বিশেষে ই পৰিৱর্তিত হয়। Flash কুকীজৰ ব্যৱস্থাপনা বা এইবোৰক বাধা দিবলৈ, http://www.macromedia.com/support/documentation/en/flashplayer/help/settings_manager.html লৈ যাওক।
Silverlight প্রয়োগ সঞ্চয়। যিবোৰ ৱেব চাইট বা প্রয়োগে Microsoft Silverlight প্রযুক্তি ব্যৱহাৰ কৰে সেইবোৰৰ Silverlight প্রয়োগ সঞ্চয় ব্যৱহাৰ কৰি ডাটা সঞ্চয় কৰাৰ সক্ষমতাও আছে। এনে সঞ্চয়ৰ কেনেকৈ ব্যৱস্থাপনা কৰিব পাৰি বা বাধা দিব পাৰি তাৰ বিষয়ে জানিবলৈ, লৈ যাওক।
ফলপ্রসূ ভাবে কার্যকৰী হ'বলৈ আৰু আপোনাক উত্কৃষ্ট পণ্য-সামগ্রী, সেৱা আৰু আমি আহৰণ কৰা অভিজ্ঞতাসমূহৰ সুফল যোগান ধৰিবলৈ Microsoft এ বিভিন্ন ধৰণৰ তথ্য সংগ্রহ কৰে।
আপুনি যেতিয়া ৰেজিষ্টাৰ কৰে, চাইন ইন কৰে আৰু আমাৰ চাইট আৰু সেৱাসমূহ ব্যৱহাৰ কৰে তেতিয়া আমি তথ্য সংগ্রহ কৰো। আমি আন কোম্পানীসমূহৰ পৰাও তথ্য লাভ কৰো।
আমি এই তথ্যসমূহ বিভিন্ন উপায়েৰে সংগ্রহ কৰো, এই উপায়সমূহৰ ভিতৰত ৱেব প্রপত্র, কুকীজ ইত্যাদিৰ দৰে প্রযুক্তি, ৱেব লগিং আৰু আপোনাৰ কম্পিউটাৰ বা আন উপকৰণত থকা চফ্টৱেৰ ইত্যাদিও অন্তর্ভুক্ত।
ফলপ্রসূ ভাবে কার্যকৰী হ'বলৈ আৰু আপোনাক উত্কৃষ্ট পণ্য-সামগ্রী, সেৱা আৰু আমি আহৰণ কৰা অভিজ্ঞতাসমূহৰ সুফল যোগান ধৰিবলৈ Microsoft এ বিভিন্ন ধৰণৰ তথ্য সংগ্রহ কৰে। এই তথ্যসমূহৰ কিছুমান আপুনি আমাক পোনপটিয়াকৈ যোগান ধৰে। কিছুমান সংগ্রহ কৰো আপুনি আমাৰ পণ্য-সামগ্রী আৰু সেৱাসমূহৰ সৈতে কেনেকৈ পাৰস্পৰিক বিনিময় কৰে তাক লক্ষ্য কৰি। কিছুমান আন উত্সসমূহৰ পৰা উপলভ্য হয় যিবোৰ আমি পোনপটিয়াকৈ সংগ্রহ কৰা ডাটাৰ সৈতে সংযোজিত কৰিব পাৰো। উত্স যিয়েই নহওক কিয়, আমি বিশ্বাস কৰো যে এই তথ্য সাৱধানতাৰে ব্যৱহাৰ কৰাতো আৰু আপোনাৰ গোপনীয়তা ৰক্ষা কৰাতো গুৰুত্বপূর্ণ।
আমি কি সংগ্রহ কৰো:
আমি কেনেকৈ সংগ্রহ কৰো:
আপুনি আমাৰ চাইট আৰু সেৱাসমূহ কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে তথ্য সংগ্রহ কৰিবলৈ আমি বিভিন্ন পদ্ধতি আৰু প্রযুক্তি ব্যৱহাৰ কৰো, যেনে:
Microsoft এ আমি সংগ্রহ কৰা তথ্য আমি আগবঢ়োৱা পণ্য আৰু সেৱাসমূহ চলাবলৈ, উন্নত কৰিবলৈ আৰু ব্যক্তিগতকৰণ কৰিবলৈ ব্যৱহাৰ কৰে।
আমি এই তথ্য আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো, উদা্হৰণ স্বৰূপে, আপোনাৰ একাউন্ট আৰু সুৰক্ষা আপডেট সম্পর্কে জনাবলৈ।
আৰু এই তথ্য আমাৰ বিজ্ঞাপন-সমর্থিত সেৱাসমূহত আপুনি দেখা বিজ্ঞাপনবোৰ অধিক প্রাসঙ্গিক কৰি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰো।
Microsoft এ আমি সংগ্রহ কৰা তথ্য আমি আগবঢ়োৱা পণ্য আৰু সেৱাসমূহ চলাবলৈ, উন্নত কৰিবলৈ আৰু ব্যক্তিগতকৰণ কৰিবলৈ ব্যৱহাৰ কৰে। এটা Microsoft সেৱাৰ দ্বাৰা সংগ্রহ হোৱা তথ্য আন Microsoft সেৱাৰ দ্বাৰা সংগ্রহ হোৱা তথ্যৰ সৈতে সংযুক্ত কৰা যাব পাৰে যাৰ দ্বাৰা আপুনি আমাৰ সৈতে পাৰস্পৰিক যোগাযোগৰ সময়ত অধিক সামঞ্জস্যপূর্ণ আৰু ব্যক্তিগত অভিজ্ঞতা প্রদান কৰা হ'ব। ইয়াৰ পৰিপূৰক হিচাবে আমি আন কোম্পানীৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰিব পাৰো। উদাহৰণ স্বৰূপে, আমি আপোনাৰ ভৌগোলিক ক্ষেত্ৰৰ সৈতে কিছু নির্দিষ্ট সেৱা আপোনাৰ ৰুচি অনুসাৰে প্ৰদান কৰিবৰ বাবে আপোনাৰ আইপি ঠিকনাৰ আধাৰত এক সাধাৰণ ভৌগোলিক ক্ষেত্ৰ নিৰূপণ কৰিবলৈ অন্য কোম্পানীৰ সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰো৷
আমি এই তথ্য আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো, উদা্হৰণ স্বৰূপে, যেতিয়া কোনো সদস্যতা অন্ত হৱব বুলি জনাবলৈ, সুৰক্সা আপডেট কেতিয়া উপলভ্য হ'ব আপোনাক জনাবলৈ বা আপোনাৰ একাউন্টটো সক্রিয় কৰি ৰাখিবলৈ কেতিয়া কার্য ব্যৱস্থা গ্রহণ কৰা উচিত তাক জনাবলৈ ইত্যাদি।
Microsoft আমাৰ বহুতো চাইট আৰু সেৱা বিনামূলীয়াকৈ যোগান ধৰে কাৰণ সেইবোৰ বিজ্ঞাপনৰ দ্বাৰা সমর্থিত।. এই সেৱাসমূহ বিস্তাৰিত ভাবে উপলভ্য হ'বলৈ আমি সংগ্রহ কৰা তথ্য আপুনি দেখা বিজ্ঞাপনসমূহ উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো যাতে এইবোৰ আপোনাৰ বাবে অধিক প্রাসঙ্গিক হয়।
গোপনীয়তা ঘোষণাত বর্ণিত বিৱৰণৰ বাহিৰে, আমি আপোনাৰ ব্যক্তিগত তথ্য কোনো তৃতীয় কক্ষক আপোনাৰ অনুমতি অবিহনে প্রকাশ নকৰো।
অনুগ্রহ কৰি আমি কেতিয়া তথ্য প্রকাশ কৰিব পাৰিম এই বিষয়ে বিশদ ভাবে জানিবলৈ আন গুৰুত্বপূর্ণ গোপনীয়তা তথ্য-লৈ যাওক, ইয়াত Microsoft ৰ শাখা আৰু বিক্রেতা; আইনৰ বাবে আৱশ্যক হ'লে বা যেতিয়া আইনী প্রক্রিয়াৰ প্রতি সঁহাৰি জনোৱাৰ আৱশ্যক হয়; প্রৱঞ্চনা প্রতিৰোধ কৰিবলৈ বা আমাৰ স্বার্থ সুৰক্ষিত কৰিবলৈ; বা জীৱন ৰক্ষা কৰিবলৈ ইত্যাদি অন্তর্ভুক্ত।
ব্যক্তিগত তথ্য ভগাই লোৱা বা প্রকাশ কৰাৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিবলৈ ইয়াত ক্লিক কৰক:
কিছুমান Microsoft সেৱাই আপোনাক অনলাইনত আপোনাৰ ব্যক্তিগত ডাটা দৰ্শন আৰু সম্পাদনা কৰিবলৈ সক্ষমতা প্রদান কৰে৷ অন্য ব্যক্তিসমূহে আপোনাৰ ব্যক্তিগত তথ্যসমূহ দর্শন কৰাত বাধা দিবলৈ, আপুনি প্ৰথমতে চাইন ইন কৰিব লাগিব৷ আপুনি কেনে দৰে আপোনাৰ ব্যক্তিগত তথ্যসমূহত প্ৰৱেশ কৰিব সেয়া আপুনি ব্যৱহাৰ কৰা চাইটসমূহ আৰু সেৱাসমূহৰ ওপৰত নির্ভৰ কৰিব৷
Microsoft.com - আপুনি Microsoft.com প্ৰ'ফাইল চেন্টাৰ-লৈ গৈ Microsoft.com-ত আপোনাৰ প্ৰ'ফাইলত প্ৰৱেশ কৰিব আৰু ইয়াক আপডেট কৰিব পাৰে৷
Microsoft বিলিং আৰু একাউণ্ট সেৱাসমূহ - যদি আপোনাৰ Microsoft বিলিং একাউণ্ট আছে, আপুনি Microsoft বিলিং ৱেব চাইটত "ব্যক্তিগত তথ্য" বা "বিলিং তথ্য" লিংকসমূহত ক্লিক কৰি আপোনাৰ তথ্য আপডেট কৰিব পাৰে৷
Microsoft Connect - যদি আপুনি Microsoft Connect-ৰ এজন পঞ্জীভুক্ত ব্যৱহাৰকাৰী, তেন্তে আপুনি Microsoft Connect ৱেব চাইটত আপোনাৰ সংযোগ প্ৰ'ফাইল ব্যৱস্থাপনা কৰক-ত ক্লিক কৰি আপোনাৰ ব্যক্তিগত তথ্যসমূহত প্রৱেশ কৰিব আৰু এইবোৰ সম্পাদনা কৰিব পাৰে৷
Windows Live - তেন্তে আপুনি Windows Live একাউন্ট সেৱাসমূহ লৈ গৈ আপোনাৰ প্ৰ'ফাইল তথ্য আপডেট কৰিব পাৰে, আপোনাৰ পাছৱৰ্ড সলনি কৰিব পাৰে, আপোনাৰ ক্ৰিডেন্সিয়েলৰ সৈতে জড়িত একক আইডিটো দৰ্শন কৰিব পাৰে বা কিছুমান নির্দিষ্ট অ্যাকাউন্ট বন্ধ কৰিব পাৰে।
Windows Live সার্বজনিন প্র'ফাইল - যদি আপুনি Windows Live-ত কোনো ৰাজহুৱা প্ৰ'ফাইল তৈয়াৰ কৰিছে, তেন্তে আপুনি আপোনাৰ Windows Live প্র'ফাইল-লৈ গৈ আপোনাৰ ৰাজহুৱা প্ৰ'ফাইল সম্পাদনা বা মচিব পাৰে।
বিজ্ঞাপন সন্ধান - যদি আপুনি Microsoft বিজ্ঞাপনৰ জৰিয়তে বিজ্ঞাপন অনুসন্ধান ক্ৰয় কৰে, আপুনি তেতিয়া Microsoft adCenter ৱেবচাইট ত আপোনাৰ ব্যক্তিগত তথ্য পুনৰীক্ষণ আৰু সম্পাদনা কৰিবৰ বাবে৷
Microsoft পার্টনাৰ প্ৰ'গ্ৰামসমূহ - যদি আপুনি Microsoft Partner প্র'গ্রামসমূহৰ সৈতে পঞ্জীভুক্ত, তেন্তে আপুনি পার্টনাৰ প্র'গ্রামত আপোনাৰ একাউন্ট ব্যৱস্থাপনা কৰক-ত ক্লিক কৰি আপুনি আপোনাৰ প্ৰ'ফাইল সমীক্ষা আৰু সম্পাদনা কৰিব পাৰে।
Xbox - ত যদি আপুনি Xbox LIVE বা Xbox.com ব্যৱহাৰকাৰী, তেন্তে আপুনি Xbox 360 কনচ'ল বা Xbox.com ৱেবচাইটত My Xbox প্রৱেশ কৰি আপোনাৰ বিলিং আৰু একাউণ্ট তথ্যসমূহ, গোপনীয়তা ছেটিংছ, অনলাইন সুৰক্ষা আৰু ডাটা অংশীদাৰি অগ্ৰাধিকাৰসমূহৰ সন্মিলিতে আপোনাৰ ব্যক্তিগত তথ্য দৰ্শন আৰু সম্পাদনা কৰিব পাৰে৷ অধিক তথ্যৰ বাবে My Xbox, একাউণ্টসমূহ বাছনি কৰক। অন্য ব্যক্তিগত তথ্যৰ চেটিংছৰ বাবে, প্রথকে My Xbox, তাৰ পিছত প্ৰ'ফাইল বাছনি কৰক আৰু ইয়াৰ পিছত অনলাইন সুৰক্ষা চেটিংছ বাছনি কৰক৷
Zune - যদি আপোনাৰ কোনো Zune একাউণ্ট বা Zune Pass সদস্যতা আছে, তেন্তে আপুনি Zune.net-ত (চাইন ইন কৰক, আপোনাৰ Zune টেগত আৰু তাৰ পিছত আপোনাৰ একাউন্টত প্রৱেশ কৰক) বা Zune চফ্টৱেৰৰ মাধ্যমেৰে (চাইন ইন কৰক, আপোনাৰ Zune টেগ আৰু তাৰ পিছত Zune.net প্র'ফাইল বাছনি কৰক) আপুনি আপোনাৰ ব্যক্তিগত তথ্য দৰ্শন বা সম্পাদনা কৰিব পাৰে।
যদি আপুনি ওপৰত দিয়া লিংকসমূহৰ দ্বাৰা Microsoft চাইটসমূহ বা সেৱাসমূহত প্ৰৱেশ কৰিব নোৱাৰে, তেন্তে এই চাইট আৰু সেৱাসমূহে আপোনাক আপোনাৰ ডাটাত প্রৱেশ কৰাৰ অন্য উপায় প্রদান কৰিব পাৰে৷ আপুনি ৱেব প্রপত্র ব্যৱহাৰ কৰি Microsoft ৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি 30 দিনৰ ভিতৰত আপোনাৰ ব্যক্তিগত তথ্যত প্রৱেশ কৰিবলৈ বা এইবোৰ মচি পেলাবলৈ আপুনি কৰা অনুৰোধৰ প্রতি সঁহাৰি জনাম।
যেতিয়া কোনো Microsoft চাই্ট বা সেৱাই বয়সৰ বিষয়ে তথ্য সংগ্রহ কৰে, ই 13 বছৰৰ তলৰ ব্যৱহাৰকাৰীসকলৰ বাবে প্রতিবন্ধক সৃষ্টি কৰে বা তেওঁলোকৰ সন্তানে ব্যৱহাৰ কৰাৰ আগতেই পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা সন্মতি লয়।
যেতিয়া সন্মতি প্রদান কৰা হয় তেতিয়া শিশুজনৰ একাউন্টটো আন যিকোনো একাউন্টৰ দৰে গণ্য কৰা হয়, আন ব্যৱহাৰকাৰীসকলৰ সৈতে যোগাযোগ কৰাৰ সক্ষমতাও ইয়াত সন্নিবিষ্ট হৈ আছে।
পিতৃ-মাতৃসকলে এই গোপনীয়তা ঘোষণাত বর্ণিত সন্মতি সলনি বা বাতিল কৰিব পাৰে।
যেতিয়া কোনো Microsoft চাই্ট বা সেৱাই বয়সৰ বিষয়ে তথ্য সংগ্রহ কৰে, ই হয় 13 বছৰৰ তলৰ ব্যৱহাৰকাৰীসকলৰ বাবে প্রতিবন্ধক সৃষ্টি কৰে বা তেওঁলোকে ব্যৱহাৰ কৰাৰ আগতে তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকে দিয়া সন্মতি দেখুৱাবলৈ কয়। সেৱা প্রদান কৰিবলৈ আমি জ্ঞাত ভাবে প্ৰয়োজনীয় তথ্যসমূহৰ বাহিৰে অধিক তথ্য 13 বছৰৰ তলৰ শিশুসকলক প্ৰদান কৰিবলৈ নকও৷
যেতিয়া সন্মতি প্রদান কৰা হয় তেতিয়া শিশুজনৰ একাউন্টো আন যিকোনো একাউন্টৰ দৰে গণ্য কৰা হয়। শিশুজনৰ ই-মেইল, তাত্ক্ষণিক বার্তা প্রেৰণ আৰু অনলাইন বার্তা ব'র্ড ইত্যাদিৰ দৰে যোগাযোগ সেৱাত প্রৱেশাধিকাৰ থাকিব পাৰে আৰু সকলো বয়সৰ আন ব্যৱহাৰকাৰীসকলৰ সৈতে মুকলিমূৰীয়াকৈ যোগাযোগ কৰিব পাৰে।
অভিভাৱকে পূৰ্বতে কৰা সন্মতিৰ পছন্দসমূহ সলনি বা আঁতৰ কৰিব পাৰিব আৰু পুনৰাই সমীক্ষা, সম্পাদনা বা তেঁওলোকৰ শিশুসকলৰ ব্যক্তিগত তথ্য বিলোপ কৰিবৰ বাবে অনুৰোধ কৰিব পাৰিব৷ উদাহৰণ স্বৰূপে, Windows Live ত পিতৃ-মাতৃয়ে তেওঁলোকৰ একাউন্টলৈ যাব পাৰে আৰু "পিতৃ-মাতৃৰ সন্মতিসমূহ"-ত ক্লিক কৰিব পাৰে।
Microsoft ৰ ৱেবচাইট আৰু সেৱাসমূহত থকা বেছি ভাগ অনলাইন বিজ্ঞাপন Microsoft বিজ্ঞাপন-ৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়৷ যেতিয়া আমি আপোনাৰ বাবে অনলাইন বিজ্ঞাপন প্ৰদৰ্শন কৰো, আমি এটা বা ততোধিক কুকীজ আপোনাৰ কম্পিউটাৰত স্থাপন কৰো যাতে আমি আপোনাৰ বাবে বিজ্ঞাপন প্ৰদৰ্শন কৰাৰ সময়ত আপোনাৰ কম্পিউটাৰটো চিনাক্ত কৰিব পাৰো। সময় পাৰ হোৱাৰ লগে লগে, আমি যিবোৰ চাইটত বিজ্ঞাপন দিছিলো সেইবোৰৰ পৰা তথ্য সংগ্রহ কৰিম এই তথ্যবোৰ আৰু অধিক প্রাসংগিক বিজ্ঞাপন প্রদর্শন কৰিবলৈ ব্যৱহাৰ কৰিম।
আপুনি আমাৰ অপ্ট-আউট পেজ লৈ গৈ Microsoft বিজ্ঞাপন এ আপোনাক উদ্দেশ্য কৰি প্রেৰণ কৰা বিজ্ঞাপনসমূহ গ্রহণ নকৰিবলৈ সিদ্ধান্ত ল'ব পাৰে৷
আমাৰ বহুত ৱেবচাইট আৰু অনলাইন সেৱাসমূহ বিজ্ঞাপনৰ দ্বাৰা সমৰ্থিত৷
Microsoft ৰ ৱেবচাইট আৰু সেৱাসমূহত থকা বেছি ভাগ অনলাইন বিজ্ঞাপন Microsoft বিজ্ঞাপন-ৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়৷ যেতিয়া আমি আপোনাৰ বাবে অনলাইন বিজ্ঞাপন প্ৰদৰ্শন কৰো, আমি এটা বা ততোধিক নেৰানেপেৰা কুকীজ আপোনাৰ কম্পিউটাৰত স্থাপন কৰো যাতে আমি আপোনাৰ বাবে প্রত্যেকবাৰ বিজ্ঞাপন প্ৰদৰ্শন কৰাৰ সময়ত আপোনাৰ কম্পিউটাৰটো চিনাক্ত কৰিব পাৰো৷ যিহেতু আমি আমাৰ নিজা ৱেবচাইটসমূহত বিজ্ঞাপন প্ৰদর্শন কৰাৰ লগতে আমাৰ বিজ্ঞাপন আৰু প্রকাশক অংশীদাৰসকলৰো বিজ্ঞাপন প্ৰদর্শন কৰো, গতিকে সময় পাৰ হোৱাৰ লগে লগে আপুনি বা আপোনাৰ কম্পিউটাৰ ব্যৱহাৰ কৰা আন ব্যক্তিসমূহে যোৱা বা চোআ পেজসমূহৰ প্ৰকাৰ, বিষয়বস্তু আৰু বিজ্ঞাপনৰ বিষয়ে আমি তথ্য সংকলন কৰিবলৈ সক্ষম হওঁ৷ এই তথ্যসমূহ বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়, উদাহৰণ স্বৰূপে, আপুনি যাতে একেটা বিজ্ঞাপনকে বাবে বাৰে দেখি নাথাকে সেয়া নিশ্চিত কৰিবলৈ ই আমাক সহায় কৰে৷ আমি এই তথ্যৰ সহায়েৰে আপোনাক উদ্দেশ্য কৰি প্রেৰণ কৰা বিজ্ঞাপনসমূহ বাছনি আৰু প্ৰদৰ্শন কৰিবলৈকো ব্যৱহাৰ কৰিম যিবোৰ আপোনাৰ বাবে প্ৰয়োজনীয় বুলি আমি বিশ্বাস কৰো৷
আপুনি আমাৰ অপ্ট-আউট পেজ লৈ গৈ Microsoft বিজ্ঞাপন এ আপোনাক উদ্দেশ্য কৰি প্রেৰণ কৰা বিজ্ঞাপনসমূহ গ্রহণ নকৰিবলৈ সিদ্ধান্ত ল'ব পাৰে৷ Microsoft Advertising এ কেনেকৈ তথ্যসমূহ সংগ্ৰহ আৰু ব্যৱহাৰ কৰে তাৰ বিষয়ে অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি Microsoft বিজ্ঞাপন গোপনীয়তা ঘোষণা চাওক৷
আমি আমাৰ চাইটসমূহত আন বিজ্ঞাপন নেটৱর্কৰ সন্মিলিতে তৃতীয় পক্ষৰ বিজ্ঞাপন কোম্পানীসমূহকো বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ অনুমতি প্ৰদান কৰো৷ কিছুমান ক্ষেত্ৰত, তৃতীয় পক্ষই আপোনাৰ কম্পিউটাৰত কুকীজ স্থাপন কৰিব পাৰে। এই কোম্পানীসমূহৰ তালিকাত বৰ্তমান নিম্নোক্তসমূহ অন্তৰ্ভুক্ত, কিন্তু এইবোৰতে সীমিত নহয়: 24/7 Real Media, adblade, AdConion, AdFusion, Advertising.com, AppNexus, Bane Media, Brand.net, CasaleMedia, Collective Media, InMobi, Interclick, Jumptap, Millennial Media, nugg.adAG, Mobclix, Mojiva, SpecificMedia, Tribal Fusion, ValueClick, Where.com, Yahoo!, YuMe, Zumobi. এই কোম্পানীসমূহে আপোনাক উদ্দেশ্য কৰি প্রেৰণ কৰা কুকীজৰ ওপৰত ভিত্তি কৰি আপোনাক এইবোৰ গ্রহণ নকৰাৰ বিকল্প গ্রহণ কৰিবলৈ অফাৰ কৰিব পাৰে৷ আপুনি উপৰত দিয়া কোম্পানীসমূহৰ নামত ক্লিক কৰি আৰু প্ৰত্যেক কোম্পানীৰ ৱ্ৱে চাইটসমূহৰ লিংক অনুসৰণ কৰি আৰু অধিক তথ্য লাভ কৰিব পাৰে৷ ইয়াৰে বহুতো কোম্পানী Network Advertising Initiative বা Digital Advertising Alliance-ৰো সদস্য, এই প্ৰতিটো কোম্পানীয়ে অংশগ্রহণকাৰী কোম্পানীসমূহে গ্রাহকক উদ্দেশ্য কৰি প্রেৰণ কৰা বিজ্ঞাপনসমূহ গ্রহণ নকৰাৰ সাধাৰণ উপায় আগবঢ়াব কৰে৷
আপুনি লাভ কৰা ই-মেইলত দিয়া নিৰ্দিষ্ট নিৰ্দেশাৱলী পালন কৰি, আপুনি Microsoft-ৰ চাইট আৰু সেৱাসমূহৰ পৰা ভৱিষ্যতে পাব পৰা প্ৰ'ম'শ্বনেল ই-মেইল বন্ধ কৰিব পাৰে৷ নিজ নিজ সেৱাৰ ওপৰত ভিত্তি কৰি, আপুনি Microsoft চাইট বা সেৱাসমূহৰ পৰা প্ৰ'মশ্বনেল ই-মেইল, টেলিফোন কল আৰু পোষ্টেল মেইল লাভ কৰাৰ বিষয়ে আগতীয়াকৈ পছন্দ কৰিব পৰাৰ বিকল্প গ্রহণ কৰিব পাৰে।
যদি আপুনি আমাৰ পৰা প্র'মশ্বনেল ই-মেইল লাভ কৰে আৰু ভবিষ্যতে এইবোৰৰ প্রাপ্তি বন্ধ কৰিব বিচাৰে, আপুনি বার্তাটোত দিয়া নির্দেশাৱলী পালন কৰি আপুনি বিচৰা অনুসৰি ই-মেইলবোৰ বন্ধ কৰিব পাৰিব।
নিজ নিজ সেৱাৰ ওপৰত ভিত্তি কৰি, তলত দিয়া পেজসমূহলৈ গৈ আৰু চাইন ইন কৰি আপুনি Microsoft-ৰ নির্দিষ্ট চাইট বা সেৱাসমূহৰ পৰা প্ৰ'মশ্বনেল ই-মেইল, টেলিফোন কল আৰু পোষ্টেল মেইল লাভ কৰাৰ বিষয়ে আগতীয়াকৈ পছন্দ কৰাৰ বিকল্প গ্রহণ কৰিব পাৰে:
এই পছন্দসমূহ অনলাইন বিজ্ঞাপনৰ প্রদর্শনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়: অনুগ্রহ কৰি এই বিষয়ে তথ্য লাভ কৰিবলৈ "বিজ্ঞাপন প্রদর্শন (অপ্ট-আউট)" অধ্যায়টোৰ প্রসঙ্গ উল্লেখ কৰক। আনকি এইবোৰ বাধ্যতামূলক সেৱা সম্পর্কিয় যোগাযোগসমূহৰ প্রাপ্তিৰ ক্ষেত্রতো প্রযোজ্য নহয় যিবোৰক কিছু নির্দিষ্ট Microsoft সেৱাৰ অংশ হিচাবে বিবেচনা কৰা হয়, যদিহে আপুনি ইয়াক বাতিল নকৰে তেন্তে আপুনি এই সেৱা নিয়মিত সময়ৰ ব্যবধানত লাভ কৰিব পাৰে।
আপুনি যেতিয়া এটা অৱস্থান ভিত্তিক সেৱা বা সুবিধা ব্যৱহাৰ কৰে; ইয়াৰপৰা প্ৰাপ্ত হোৱা চেল টাৱাৰ তথ্য, ৱাই-ফাই তথ্য আৰু গ্লোবেল পজিশ্যন চিষ্টেম (GPS) তথ্য মাইক্ৰ’চ’ফ্টলৈ প্ৰেৰণ কৰা হ’ব পাৰে। আপুনি অনুৰোধ কৰা সেৱাসমূহ প্ৰদান কৰিবলৈ,আপোনাৰ অনুভৱ ব্যক্তিগতকৰণ কৰিবলৈ আৰু মাইক্ৰ’চ’ফ্টৰ প্ৰডাক্ট তথা সেৱাসমূহ উন্নীত কৰিবলৈ মাইক্ৰ’চ’ফ্টে অৱস্থান সংক্ৰান্তীয় তথ্য ব্যৱহাৰ কৰে।।
কেতিয়া মাইক্ৰ’চ’ফ্টলৈ অৱস্থান তথ্য প্ৰেৰণ কৰা হয় বা অন্যান্য সকললৈ উপলব্ধ কৰা হয়, সেয়া নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান সেৱাই আপোনাক অনুমতি দিব পাৰে। কিছুক্ষেত্ৰত, সেৱা লাভ কৰিবৰ বাবে অৱস্থান তথ্য অপৰিহাৰ্য আৰু অৱস্থান তথ্য প্ৰেৰণ কৰাটো বন্ধ কৰিবলৈ সুবিধাটো আন-ইনষ্টল কৰাৰ প্ৰয়োজন হ’ব পাৰে অথবা সেৱাটো বন্ধ কৰিব লগা হ’ব পাৰে। অৱস্থান সুবিধাবোৰ কেনেদৰে বন্ধ কৰিব জানিবলৈ আপোনাৰ ডিভাইচৰ লগত অহা তথ্য প্ৰতিপাদন চাওক।
ডাটা সমৰ্থন হৈছে আপুনি এটা সমৰ্থন অনুৰোধ দাখিল কৰাৰ সময়ত বা সমৰ্থন ঘ্টনাৱ্লী বিষয়ক হাৰ্ডৱেৰ, চফ্টৱেৰ আৰু অন্য বিশদ-বিৱৰণৰ তথ্যৰ সৈতে স্বয়ংক্ৰিয় সমস্যানিবাৰণ চলোৱাৰ সময়ত আমি সংগ্ৰহ কৰা তথ্য, যেনে: সম্পৰ্ক বা প্ৰামাণিকৰণ তথ্য, চাট সময় ব্যক্তিগতকৰণ, কোনো বিজুতি ঘ্টাৰ সময়ত বা মেৰামতিৰ সময়ত মেচিন বা এপ্লিকেশ্বনটোৰ অৱস্থাৰ বিষয়ে তথ্য, চফ্টৱেৰ স্থাপন আৰু হাৰ্ডৱেৰ কনফিগাৰেশ্বনৰ বিষয়ে ছিষ্টেম আৰু পঞ্জীয়ন ডাটা আৰু ত্ৰুটি-ট্ৰেকিং ফাইলসমূহ৷ আমি ডাটা সমৰ্থন এই গোপনীয় বিবৃতিত বৰ্ণনা কৰাৰ ৰূপত ব্যৱহাৰ কৰোঁ আৰু অতিৰিক্তভাৱে ইয়াক আপোনাৰ সমৰ্থন ঘটনাৱ্লী সমাধান কৰিবলৈ আৰু প্ৰশিক্ষণ উপলক্ষে ব্যৱহাৰ কৰোঁ৷
ফোন, ই-মেইল বা অনলাইন চাটৰ জৰিয়তে সমৰ্থন প্ৰদান কৰিব পাৰে৷ আমি অস্থায়ীভাৱে আপোনাৰ ডেস্কট'প নেভিগ্ৰেট কৰিবলৈ, আপোনাৰ অনুমতি লৈ ৰিমৰ্ট প্ৰৱিষ্টি (RA) ব্যৱহাৰ কৰিব পাৰোঁ৷ সমৰ্থন প্ৰ'ফেচ'নেলসমূহৰ সৈতে ফোন কথোপকথন, অনলাইন চাট সময় বা ৰিমৰ্ট প্ৰৱিষ্টি সময় ৰেকৰ্ড কৰিব পাৰে আৰু/বা নিৰিক্ষণ কৰিব পাৰে৷ RA-ৰ কাৰণে, আপুনি আপোনাৰ কাৰ্যৱলীৰ পিছত ৰেকৰ্ডিংসমূহ প্ৰৱিষ্ট কৰিব পাৰে৷ অনলাইন চাট বা RA-ৰ কাৰণে, আপুনি পছন্দ কৰা অনুসৰি যিকোনো সময়তে কাৰ্যৱলী সমাপ্ত কৰিব পাৰে৷
এটা সমৰ্থন ঘটনাৱলী অনুসৰণ কৰক, আমি আপোনালৈ আপোনাৰ অভিজ্ঞতা আৰু প্ৰদান কৰিবলগীয়াসমূহৰ বিষয়ে এটা জৰীপ প্ৰেৰণ কৰিব পাৰোঁ৷ আপুনি সমৰ্থনৰ লগত যোগাযোগ কৰি বা ই-মেইল ফুটাৰৰ জৰিয়তে, Microsoft-ৰ দ্বাৰা প্ৰদান কৰা অন্য যোগাযোগৰ পৰা পৃথকভাৱে সমৰ্থন সেৱাসমূহ প্ৰত্যাহাৰ কৰিব পাৰে৷
আমাৰ সমৰ্থন সেৱাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা আপোনাৰ ব্যক্তিগত তথ্য সমীক্ষা আৰু সম্পাদনা কৰিবলৈ, অনুগ্ৰহ কৰি আমাৰ ৱেব প্ৰ-পত্ৰ ব্যৱহাৰ কৰি আমাৰ লগত যোগাযোগ কৰক৷
কিছুমান ব্যৱসায়িক গ্ৰাহকে বৰ্ধিত সমৰ্থন প্ৰদানকৰিবলগীয়াখিনি ক্ৰয় কৰিব পাৰে (যেনে প্ৰিমিয়াৰ আদি)৷ এই প্ৰদানকৰীবলগিয়াখিনি তেওঁলোকৰ নিজা যোগাযোগ চৰ্ত আৰু জাননীৰ দ্বাৰা সামৰি লোৱা হৈছে৷
আপুনি অনলাইনৰ জড়িয়তে ক্ৰয় কৰাৰ সময়ত যোগান ধৰা তথ্যবোৰেই হৈছে পেমেন্ট ডেটা। ইয়াত অন্তৰ্ভুক্ত থাকিব পাৰে আপোনাৰ পেমেন্ট ইন্সট্ৰুমেন্ট নম্বৰ (যেনে- ক্ৰেডিট কাৰ্ড, পেপল), আপোনাৰ নাম আৰু বিলিং ঠিকনা তথা আপোনাৰ পেমেন্ট ইন্সট্ৰুমেন্টৰ ( যেনে- চিএছভি বা চিভিভি) সৈতে জড়িত সুৰক্ষা কোড। এই খণ্ডটোৱে আপোনাৰ পেমেন্ট তথ্যৰ সংগ্ৰহ আৰু ব্যৱহাৰৰ সন্দৰ্ভত অতিৰিক্ত তথ্য আগবঢ়ায়।
আপোনাৰ লেনদেন সম্পূৰ্ণ কৰিবৰ আৰু লগতে কোনো প্ৰৱঞ্চনা ধৰা পলাবৰ বাবে তথা প্ৰতিৰোধ কৰিবৰ বাবে পেমেন্ট ডেটা ব্যৱহাৰ কৰা হয়। এইবোৰৰ সমৰ্থনত তথা প্ৰবঞ্চনা ৰোধ কৰিবৰ বাবে আৰু ঋণৰ বিপদাশংকা হ্ৰাস কৰিবৰ বাবে মাইক্ৰচফ্টে আপোনাৰ পেমেন্ট ডেটা, বেঙ্ক আৰু পেমেন্ট লেনদেনত লিপ্ত হোৱা আন প্ৰতিষ্ঠানৰ সৈতে বা আন বিত্তীয় সেৱাসমূহৰ সৈতে বিনিময় কৰিব পাৰে।
আপোনাৰ মাইক্ৰচফ্ট বা প্ৰতিষ্ঠানগত একাউন্টত যেতিয়া আপুনি লগ্ড ইন কৰি পেমেন্ট ডেটা যোগান ধৰে তেতিয়া আমি আপোনাৰ ভৱিষ্যত লেনদেনসমূহ কৰোঁতে সহায়ক হোৱাকৈ সেই ডেটাবোৰ ষ্টোৰ কৰিম।
https://commerce.microsoft.com-ত লগ ইন কৰি আপোনাৰ মাইক্ৰচফ্ট একাউন্টৰ সৈতে জড়িত পেমেন্ট ইন্সট্ৰুমেন্ট তথ্যসমূহ আপুনি সংস্কাৰ কৰিব পাৰে বা মছি পেলাব পাৰে। আপুনি গ্ৰাহক সমৰ্থন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ প্ৰতিষ্ঠানগত একাউন্টৰ সৈতে জড়িত পেমেন্ট ইন্সট্ৰুমেন্ট তথ্যসমূহ মছি পেলাব পাৰে। আপুনি আপোনাৰ একাউন্ট বন্ধ কৰাৰ বা কোনো এটা পেমেন্ট ইন্সট্ৰুমেন্ট মছি পেলোৱাৰ পাছতো অৱশ্যে, মাইক্ৰটফ্টে আপোনাৰ বৰ্তমানৰ লেনদেন সম্পূৰ্ণ কৰিবলৈ তথা মাইক্ৰচফ্টৰ আইনী আৰু দায়বদ্ধতামূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আৰু প্ৰবঞ্চনা ধৰাপেলাবলৈ তথা ৰোধ কৰিবৰ বাবে যুক্তিসংগতভাৱে যিমান সময়লৈকে প্ৰয়োজন সিমান সময়লৈকে আপোনাৰ পেমেন্ট ইন্সট্ৰুমেন্ট ডেটা মজুত ৰাখিব পাৰে।
Microsoft একাউন্ট (পূর্বতে Windows Live ID আৰু Microsoft Passport ৰূপে জনাজাত) হৈছে এনে এটা সেৱা যিয়ে আপোনাক Microsoft পণ্য, ৱেব চাইট আৰু সেৱাসমূহত লগ ইন কৰিবলৈ অনুমতি দিয়ে, নির্বাচিত Microsoft অংশীদাৰসকলৰ পণ্য, ৱেব চাইট আৰু সেৱাসমূহো ইয়াত অন্তর্ভুক্ত। যেতিয়া আপুনি কোনো Microsoft একাউন্ট তৈয়াৰ কৰে তেতিয়া আমি আপোনাক কিছুমান তথ্য যোগান দিবলৈ অনুৰোধ কৰিম। যেতিয়া আপুনি আপোনাৰ Microsoft একাউন্ট ব্যৱহাৰ কৰি কোনো চাইট বা সেৱাত চাইন ইন কৰে তেতিয়া চাইট বা সেৱাৰ হৈ আমি আপোনাৰ পৰিচয় প্রতিপন্ন কৰিবলৈ, ক্ষতিকৰ একাউন্টৰ ব্যৱহাৰৰ পৰা আপোনাক ৰক্ষা কৰিবলৈ আৰু Microsoft একাউন্ট সেৱাৰ দক্ষতা আৰু সুৰক্ষা সুৰক্ষিত কৰিবলৈ কিছুমান তথ্য সংগ্রহ কৰো। তদুপৰি আমি আপোনাৰ Microsoft একাউন্টৰ দ্বাৰা চাইন ইন কৰা কোনো চাইট বা সেৱালৈ কিছু নির্দিষ্ট তথ্য প্রেৰণ কৰো।
Microsoft একাউন্টৰ অতিৰিক্ত বিৱৰণ চাবলৈ, য'ত Microsoft একাউন্ট কেনেকৈ তৈয়াৰ আৰু ব্যৱহাৰ কৰিব লাগে সেয়াও সন্নিবিষ্ট, একাউন্ট তথ্য কেনেকৈ সম্পাদন কৰিব লাগে আৰু আমি কেনেকৈ Microsoft একাউন সম্পর্কিয় তথ্য সংগ্রহ আৰু ব্যৱহাৰ কৰো তাক জানিবলৈ আৰু অধিক তথ্য-ত ক্লিক কৰক।
Microsoft একাউন্ট (পূর্বতে Windows Live ID আৰু Microsoft Passport ৰূপে জনাজাত) হৈছে এনে এটা সেৱা যিয়ে আপোনাক Microsoft পণ্য, ৱেব চাইট আৰু সেৱাসমূহত লগ ইন কৰিবলৈ অনুমতি দিয়ে, নির্বাচিত Microsoft অংশীদাৰসকলৰ পণ্য, ৱেব চাইট আৰু সেৱাসমূহো ইয়াত অন্তর্ভুক্ত। ইয়াত তলত দিয়া পণ্য, ৱেবচাইট আৰু সেৱাসমূহ সন্নিবিষ্ট কৰা হৈছে:
কোনো Microsoft একাউন্টৰ সৃষ্টি।
আপুনি ইয়াত এটা ইমেইল ঠিকনা, পাছৱর্ড আৰু আন "একাউন্ট প্রমাণ" যেনে বিকল্প ইমেইল ঠিকনা, ফোন নম্বৰ আৰু গুপ্ত প্রশ্ন আৰু উত্তৰ ইত্যাদি যোগান ধৰি Microsoft একাউন্ট এটা সৃষ্টি কৰিব পাৰিব। আমি আপোনাৰ "একাউন্ট প্রমাণসমূহ" কেৱল সুৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰিম - উদাহৰণ স্বৰূপে, যদি আপুনি কেতিয়াবা আপোনাৰ Microsoft একাউন্টত প্রৱেশ কৰিব নোৱাৰে আৰু সহায়ৰ আৱশ্যক হয় সেই ক্ষেত্রত আপোনাৰ পৰিচয় প্রতিপন্ন কৰিবলৈ বা যদি আপুনি আপোনাৰ Microsoft একাউন্টৰ সৈতে জড়িত ইমেইল ঠিকনাত প্রৱেশ কৰিব নোৱাৰাৰ ফলত আপোনাৰ পাছৱর্ডটো ৰিছেট কৰিবলৈ ইত্যাদি। কিছুমান সেৱাৰ বাবে অতিৰিক্ত সুৰক্ষাৰ প্ৰয়োজন আৰু সেই ক্ষেত্ৰত আপোনাক অতিৰিক্ত সুৰক্ষা কী সৃষ্টি কৰিবলৈ অনুৰোধ কৰা যাব পাৰে৷ আপোনাৰ Microsoft একাউন্টত চাইন ইন কৰিবলৈ যিটো ইমেইল ঠিকনা আৰু পাছৱর্ড ব্যৱহাৰ কৰে সেইবোৰ আপোনাৰ "প্রত্যয়পত্র" যিবোৰ আপুনি আমাৰ নেটৱর্কৰ সৈতে প্রামাণিকৰণৰ বাবে ব্যৱহাৰ কৰিব। ইয়াৰ বাহিৰেও, 64 বিটৰ একক আইডি নম্বৰ এটা আপোনাৰ প্রত্যয়পত্রৰ প্রতি নিয়োগ কৰা হ'ব আৰু ইয়াক আপোনাৰ প্রত্যয়পত্র আৰু সম্বন্ধীয় তথ্যসমূহ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব৷
আপুনি যেতিয়া কোনো Microsoft একাউন্ট সৃষ্টি কৰিব, আমি তলত দিয়া জনসংখ্যা সংক্রান্তিয় তথ্যবোৰ যোগান ধৰিবলৈ অনুৰোধ কৰিম: লিঙ্গ; দেশ; জন্ম তাৰিখ আৰু পোষ্টেল ক'ড। আমি জন্ম তাৰিখৰ দ্বাৰা শিশুসকলে Microsoft একাউন্ট ব্যৱহাৰ কৰিবলৈ পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা সমুচিত সন্মতি লাভ কৰিছে নে নাই তাক প্রতিপন্ন কৰিম, কাৰণ স্থানীয় আইনৰ কাৰণে ই আৱশ্যকীয়। ইয়াৰ বাহিৰেও, এই জনসংখ্যা সম্পর্কিয় তথ্য পণ্য আৰু সেৱাসমূহৰ বিষয়ে আপোনাক আপোনাৰ বাবে ব্যক্তিগতকৰণ হোৱা বিজ্ঞাপন প্রদর্শন কৰিবলৈ ব্যৱহাৰ কৰা হ'ব যিবোৰক আপুনি হয়তো উপযোগী বুলি বিবেচনা কৰিব পাৰে, কিন্তু আমাৰ বিজ্ঞাপন পদ্ধতিয়ে আপোনাৰ নাম বা যোগাযোগৰ তথ্য সংগ্রহ নকৰে। আন কথাত ক'বলৈ গ'লে, আমাৰ বিজ্ঞাপন পদ্ধতিত এনে কোনো তথ্য নাথাকে বা ব্যৱহাৰ কৰা হয় যিয়ে আপোনাক ব্যক্তিগত ভাবে বা পোনপটিয়াকৈ (যেনে আপোনাৰ নাম, ইমেইল ঠিকনা আৰু ফোন নম্বৰ ইত্যাদি) চিনাক্ত কৰিব পাৰে। যদি আপুনি আপোনাৰ বাবে ব্যক্তিগতকৰণ হোৱা বিজ্ঞাপন প্রাপ্ত কৰিব নিবিচাৰে, তেন্তে তাৰ বাবে আপুনি আপোনাৰ Microsoft একাউন্টত আপোনাৰ পছন্দসমূহ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু তাৰ বাবে আপুনি এই পেজ-লৈ যাব লাগিব যাতে যেতিয়াই আপুনি আপোনাৰ Microsoft একাউন্টৰ দ্বাৰা ৱেব চাইট বা সেৱাসমূহত চাইন ইন কৰে তেতিয়া আমাৰ বিজ্ঞাপন পদ্ধতিয়ে আপোনাক ব্যক্তিগতকৰণ হোৱা বিজ্ঞাপন প্রেৰণ নকৰে। Microsoft এ বিজ্ঞাপনৰ বাবে কেনেকৈ তথ্যসমূহ ব্যৱহাৰ কৰে তাৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিবলৈ, অনুগ্ৰহ কৰি Microsoft বিজ্ঞাপন গোপনীয়তা পৰিপূৰকচাওক৷
আপোনাৰ Microsoft একাউন্টত চাইন আপ কৰিবলৈ আপুনি Microsoft এ প্রদান কৰা ইমেইল ঠিকনা (যেনে যিবোৰ live.com, hotmail.com বা msn.com ত অন্ত হয়) বা তৃতীয় পক্ষই দিয়া ইমেইল ব্যৱহাৰ কৰিব পাৰে (যেনে যিবোৰ gmail.com বা yahoo.com ত অন্ত হয়)।
Microsoft একাউন্ট এটা সৃষ্টি কৰাৰ পিছত আমি আপোনালৈ ইমেইল এটা পঠাম য'ত আমি আপোনাক প্রতিপন্ন কৰিবলৈ ক'ম যে আপোনাৰ যিটো Microsoft একাউন্ট আছে সেইটোৰ সৈতে জড়িত ইমেইল ঠিকনাটোৰ গৰাকী আপুনিয়েই। এই প্ৰক্ৰিয়াটো ই-মেইল ঠিকনাৰ বৈধতা প্রতিপন্ন কৰিবলৈ আৰু ই-মেইল ঠিকনাসমূহৰ গৰাকীসকলৰ অনুমতিৰ অবিহনে ব্যৱহাৰ হোৱাতো প্ৰতিৰোধ কৰিবলৈ ডিজাইন কৰা হৈছে৷ ইয়াৰ পিছত আমি সেই ইমেইল ঠিকনাটো ব্যৱহাৰ কৰি আপোনাৰ দ্বাৰা Microsoft-ৰ পণ্য আৰু সেৱাসমূহৰ ব্যৱহাৰ সংক্রান্তিয় তথ্য-পাতি আপোনালৈ প্রেৰণ কৰিম; আমি Microsoft ৰ পণ্য আৰু সেৱাসমূহৰ বিষয়ে স্থানীয় আইন সাপেক্ষে প্র'ম'শ্বনেল ইমেইল প্রেৰণ কৰিম। প্র'ম'শ্বনেল যোগাযোগসমূহ প্রাপ্ত কৰি আপুনি কেনেকৈ সেইবোৰৰ ব্যৱস্থাপনা কৰিব তাৰ বিষয়ে আৰু অধিক তথ্যৰ বাবে অনুগ্রহ কৰি যোগাযোগসমূহলৈ যাওক।
যদি আপুনি Microsoft ৰ একাউন্ট এটাৰ বাবে ৰেজিষ্টাৰ কৰোতে দেখে যে আন কোনো ব্যক্তিয়ে ব্যৱহাৰকাৰীৰ নামে হিচাবে আপোনাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰি ইতিমধ্যে প্রত্যয়পত্র তৈয়াৰ কৰিছে তেন্তে আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু অনুৰোধ কৰিব পাৰে যে সেই আন ব্যক্তিজনে যেন এটা পৃথক ব্যৱহাৰকাৰীৰ নাম গ্রহণ কৰে যাতে আপুনি আপোনাৰ প্রত্যয়প্রত্র তৈয়াৰ কৰোতে আপোনাৰ নিজৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰিব পাৰে।
আপোনাৰ Microsoft একাউন্টেৰে চফ্টৱেৰ, চাইট বা সেৱাসমূহত চাইন ইন কৰা।
যেতিয়া আপুনি আপোনাৰ Microsoft একাউন্ট ব্যৱহাৰ কৰি কোনো চাইট বা সেৱাত চাইন ইন কৰে তেতিয়া চাইট বা সেৱাৰ হৈ আমি আপোনাৰ পৰিচয় প্রতিপন্ন কৰিবলৈ, ক্ষতিকৰ একাউন্টৰ ব্যৱহাৰৰ পৰা আপোনাক ৰক্ষা কৰিবলৈ আৰু Microsoft একাউন্ট সেৱাৰ দক্ষতা আৰু সুৰক্ষা সুৰক্ষিত কৰিবলৈ কিছুমান তথ্য সংগ্রহ কৰো। উদাহৰণ স্বৰূপে, যেতিয়া আপুনি চাইন ইন কৰে তেতিয়া Microsoft একাউন্ট সেৱাই আপোনাৰ প্রত্যয়পত্র আৰু আপোনাৰ প্রত্যয়পত্রত নিয়োজিত 64-বিট একক আইডি সংখ্যা, আপোনাৰ IP ঠিকনা, আপোনাৰ ৱেব ব্রাউজাৰ আৰু সময় আৰু তাৰিখৰ দৰে আন তথ্যসমূহ প্রাপ্ত কৰে আৰু এইবোৰত লগ কৰে। ইয়াৰ উপৰিও, যদি আপুনি কোনো উপকৰণ বা উপকৰণত ইন্সটল হোৱা চফ্টৱেৰত চাইন ইন কৰিবলৈ কোনো Microsoft একাউন্ট ব্যৱহাৰ কৰে তেন্তে সেই উপকৰণৰ বাবে নিয়মবিহীন ভাবে বাছনি কৰা সংখ্যাৰ এটা একক আইডি নিয়োজিত হ'ব, আপুনি পৰৱর্তী কালত আপোনাৰ Microsoft একাউন্টৰ দ্বাৰা কোনো চাইট বা সেৱাত চাইন ইন কৰে তেতিয়া এই নিয়মবিহীন ভাবে বাছনি কৰা সংখ্যাটো আপোনাৰ প্রত্যয়পত্রৰ অংশ হিচাবে Microsoft একাউন্ট সেৱালৈ প্রেৰণ কৰা হ'ব। আপুনি চাইন ইন কৰা চাইট বা সেৱালৈ Microsoft একাউন্ট সেৱাই তলত দিয়া তথ্যসমূহ প্রেৰণ কৰে: এটা একক আইডি নম্বৰ যিটোৱে এটা চাইন-ইন অধিৱেশনৰ পৰা আনটোলৈ যোৱা আপুনিয়েই একেজন ব্যক্তি হয় নে নহয় তাক নির্ধাৰণ কৰিবলৈ অনুমতি দিয়ে; আপোনাৰ একাউন্টৰ বাবে নিয়োজিত সংস্কৰণ নম্বৰ (আপোনাৰ চাইন-ইন তথ্য যিমান বাৰ সলনি কৰিব সিমান বা এটা নতুন নম্বৰ নিয়োজিত কৰা হয়); আপোনাৰ ইমেইল ঠিকনাটো নিশ্চিত কৰা হৈছে নে নাই; আপোনাৰ একাউন্টটো নিষ্ক্রিয় কৰা হৈছে নে নাই।
আপোনাৰ Microsoft একাউন্টৰ দ্বাৰা চাইন ইন কৰিবলৈ অনুমতি দিয়া কিছুমান তৃতীয় পক্ষৰ চাইট আৰু সেৱাসমূহে তেওঁলোকৰ সেৱাসমূহ যোগান ধৰিবলৈ আপোনাৰ ইমেইল ঠিকনাৰ আৱশ্যক হ'ব পাৰে। সেই ক্ষেত্রত, আপুনি চাইন ইন কৰিলে Microsoft এ সেই চাইট বা সেৱাক আপোনাৰ ইমেইল ঠিকনাটো দিব কিন্ত পাছৱর্ডটো নিদিয়ে। কিন্তু, যদি আপুনি এই চাইট বা সেৱাৰ দ্বাৰা আপোনাৰ প্রত্যয়পত্র তৈয়াৰ কৰিছিল তেন্তে হয়তো আপোনাৰ প্রত্যয়পত্রৰ সৈতে জড়িত তথ্যবোৰলৈ প্রৱেশাধিকাৰ সীমিত হ'ব পাৰে যাতে আপোনাৰ পাছৱর্ডটো ৰিছেট কৰিব আৰু আন সমর্থন সেৱা প্রদান কৰিব পাৰি।
যদি আপুনি কোনো তৃতীয় পক্ষ, যেনে কোনো স্কুল, ব্যৱসায়, কোনো ইন্টাৰনেট সেৱা প্রদানকাৰী বা কোনো পৰিচালিত ড'মেইনৰ প্রশাসক ইত্যাদিৰ পৰা আপোনাৰ একাউন্টটো লাভ কৰিছিল, তেন্তে আপোনাৰ একাউন্টৰ ওপৰত সেই তৃতীয় পক্ষৰ আধিকাৰ থাকিব, এই অধিকাৰসমূহৰ ভিতৰত আপোনাৰ পাছৱর্ডটো ৰিছেট কৰাৰ, আপোনাৰ একাউন্টৰ ব্যৱহাৰ বা প্র'ফাইল ডাটা চোৱাৰ আৰু আপোনাৰ একাউন্টটো নিলম্বিত বা বাতিল কৰাৰ ক্ষমতাও অন্তর্ভুক্ত। এই সকলোবোৰ ক্ষেত্রতে আপুনি Microsoft সেৱা চুক্তি-ৰ আৰু সেই তৃতীয় পক্ষৰ কোনো অতিৰিক্ত ব্যৱহাৰ চর্তাৱলীৰ অধিন হ'ব। যদি আপুনি কোনো পৰিচালিত ড'মেইনৰ প্রশাসক হয় আৰু আপোনাৰ ব্যৱহাৰকাৰীসকলক Microsoft একাউন্ট প্রদান কৰে তেন্তে সেই একাউন্টসমূহৰ সকলোবোৰ কার্যকলাপৰ বাবে আপুনি দায়ী হ'ব।
অনুগ্ৰহ কৰি মনত ৰাখিব যে যিবোৰ চাইট আৰু সেৱাসমূহে আপোনাক আপোনাৰ Microsoft-ৰ একাউন্টৰ দ্বাৰা চাইন ইন কৰিবলৈ অনুমতি দিয়ে, তেওঁলোকে আপোনাৰ ইমেইল ঠিকনাটো বা আন ব্যক্তিগত তথ্যবোৰ ব্যৱহাৰ আৰু ভগাই ল'ব পাৰিব যিবোৰ তেঁওলোকৰ গোপনীয়ত ঘোষণাত বৰ্ণনা কৰাৰ অনুসৰি আপুনি তেওঁলোকক প্ৰদান কৰে৷ কিন্তু, Microsoft একাউন্ট সেৱাই তেওঁলোকক প্রদান কৰা একক আইডি নম্বৰটো কেৱল আপুনি অনুৰোধ কৰা সেৱা বা লেনদেন সম্পূর্ণ কৰিবলৈহে তেওঁলোকে ভগাই ল'ব পাৰিব। Microsoft একাউন্ট ব্যৱহাৰ কৰা সকলো চাইট আৰু সেৱাৰসমূহৰ বাবে এটা গোপনীয়তা ঘোষণা পোষ্ট কৰাতো আৱশ্যকীয়, কিন্তু আমি সেই চাইটসমূহৰ গোপনীয়তা কাৰ্যপ্ৰণালীসমূহ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ নকৰো৷ সংগ্ৰহ কৰা তথ্যসমূহ প্ৰতিটো চাইট বা সেৱাই কেনেদৰে ব্যৱহাৰ কৰে, তাক নিৰ্ধাৰণ কৰিবলৈ আপুনি চাইন ইন কৰা প্ৰতিটো চাইটৰ গোপনীয়তা ঘোষণা আপুনি সাৱধানেৰে পুনৰীক্ষণ কৰা উচিত৷
আপুনি একাউণ্ট-লৈ গৈ আপোনাৰ ব্যক্তিগত তথ্যেত প্রবেশ কৰিব পাৰে৷ যদি আপোনাৰ Microsoft একাউন্টটো কোনো পৰিচালিত ড'মেইনৰ অধিকাৰত নাথাকে, তেন্তে আপুনি আপোনাৰ ব্যৱহাৰকাৰীৰ নাম সলনি কৰিব পাৰে৷ আপুনি সদায়ে আপোনাৰ পাছৱৰ্ড, বিকল্প ই-মেইল ঠিকনা, ফোন নম্বৰ আৰু গুপ্ত প্ৰশ্ন আৰু উত্তৰ সলনি কৰিব পাৰে৷ আপুনি একাউন্ট-লৈ আৰু তাৰ পিছত "আপোনাৰ একাউন্ট বন্ধ কৰক" লৈ গৈ আপোনাৰ Microsoft একাউন্টটো বন্ধ কৰিব পাৰে। যদি আপোনাৰ একাউণ্টটো ওপৰত উল্লেখ কৰাৰ দৰে কোনো পৰিচালিত ড'মেইনৰ থাকে তেন্তে আপোনাৰ একাউন্টটো বন্ধ কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া থাকিব পাৰে৷ অনুগ্রহ কৰি নোট কৰিব যে আপুনি যদি MSN বা a Windows Live ব্যৱহাৰকাৰী হয়, যদি আপুনি একাউন্টলৈ যায়, তেন্তে সেআই চাইটবোৰৰ একাউন্টলৈ ঘুৰাই পঠোৱা যাব পাৰে।
Microsoft একাউন্টৰ বিষয়ে আৰু অধিক তথ্য Microsoft একাউন্ট ৱেব চাইট-ত উপলভ্য।
আৰু অধিক শিকক
তলত আপুনি গুৰুত্বপূর্ণ বুলি বিবেচনা কৰা (বা নকৰা) অতিৰিক্ত গুৰুত্বপূর্ণ তথ্য বিচাৰি পাব। এইবোৰত সচৰাচৰতে ব্যৱহৃত প্রথাসমূহ বর্ণনা কৰা হৈছে যিবোৰৰ বিষয়ে আপুনি অৱগত হোৱাতো আমি বিচাৰো কিন্তু আমি নাভাবো যে আমাৰ প্রত্যেকটো গোপনীয়তা ঘোষণাত এইবোৰ উল্লেখ হোৱা উচিত। আৰু ইয়াৰ কিছুমানে যিবোৰ স্পষ্ট সেইবোৰকে ব্যক্ত কৰিছে (উদাহৰণ স্বৰূপে, আইনৰ বাবে আৱশ্যক হ'লে আমি সেই তথ্য প্রকাশ কৰিম), কিন্তু আমাৰ অধিবক্তাসকলে যিকোনো প্রকাৰে এইবোৰ আমাৰ দ্বাৰা ব্যক্ত কৰাবই। অনুগ্রহ কৰি মনত ৰাখিব যে আমাৰ প্রথাসমূহৰ সম্পূর্ণ বর্ণনা এই তথ্যত দিয়া হোৱা নাই - এইবোৰ আন তথ্যৰ অতিৰিক্ত মাথো, আপুনি ব্যৱহাৰ কৰা প্রত্যেকটো Microsoft ৰ পণ্য আৰু সেৱাৰ বাবে যুগুতোৱা গোপনীয়তা ঘোষণাত অধিক নির্দিষ্ট তথ্য অন্তভুক্ত কৰা হৈছে।
এই পৃষ্টাত আছে:
ব্যক্তিগত তথ্যৰ ভাগ বতৰা বা প্রকাশ
আপুনি ব্যৱহাৰ কৰা পণ্য বা সেৱাত ভগাই লোৱাৰ বিষয়ে গোপনীয়া ঘোষণাত বর্ণিত বিৱৰণৰ বাহিৰেও Microsoft এ ব্যক্তিগত তথ্য ভগাই ল'ব বা প্রকাশ কৰিব পাৰে:
আমি ব্যক্তিগত তথ্য ভগাই ল'ব বা প্রকাশ কৰিবও পাৰো য'ত আপোনাৰ সৈতে হোৱা যোগাযোগসমূহৰ বিষয়বস্তুও অন্তর্ভুক্ত থাকিব পাৰে:
অনুগ্রহ কৰি নোট কৰিব যে আমাৰ চাইটসমূহত তৃতীয় পক্ষৰ চাইটসমূহৰ বাবে লিংক থাকিব পাৰে যিবোৰৰ গোপনীয়তা ৰীতি Microsoft ৰ পৰা পৃথক হ'ব পাৰে। সেই চাইটবোৰত আপুনি দাখিল কৰা ব্যক্তিগত তথ্য সেই চাইটবোৰৰ গোপনীয়তা ঘোষণা অনুসৰি নিয়ন্ত্রিত হ'ব। আপুনি যোৱা যিকোনো চাইটৰ গোপনীয়তা ঘোষণা পুনৰীক্ষণ কৰিবলৈ আমি আপোনাক উত্সাহিত কৰিম।
ব্যক্তিগত তথ্যৰ নিৰাপত্তাৰ সুৰক্ষা প্রদান
আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ Microsoft প্রতিশ্রুতিবদ্ধ। আপোনাৰ ব্যক্তিগত তথ্যত অকর্তৃত্বশীল প্ৰৱেশ, ব্যৱহাৰ বা প্ৰকাশৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ আমি বিভিন্ন প্ৰকাৰৰ সুৰক্ষা প্ৰযুক্তি আৰু প্ৰক্ৰিয়া ব্যৱহাৰ কৰো। উদাহৰণ স্বৰূপে, আপুনি যোগান দিয়া ব্যক্তিগত তথ্যসমূহ আমি সীমিত প্ৰৱেশাধিকাৰ আৰু নিয়ন্ত্রিত সুবিধা থকা কম্পিউটাৰ ছিষ্টেমত সঞ্চয় কৰো৷ যেতিয়া আমি কোনো অধিক গোপনীয় তথ্য (যেনে ক্ৰেডিট কাৰ্ড নম্বৰ বা পাছৱৰ্ড) ইণ্টাৰনেটৰ মাধ্যমেদি প্রেৰণ কৰো, আমি ইয়াক চিকিউৰ চকেট লেয়াৰ (SSL) প্ৰ'টকলৰ দৰে এনক্ৰিপশ্বনৰ ব্যৱহাৰৰ দ্বাৰা সুৰক্ষিত কৰো৷
যদি কোনো এটা পাছৱৰ্ড আপোনাৰ একাউণ্ট আৰু ব্যক্তিগত তথ্যসমূহ সুৰক্ষিত কৰিবৰ বাবে ব্যৱহাৰ কৰা হৈছে, তেতিয়া আপোনাৰ পাছৱৰ্ডটো গোপনীয় ৰখাটো আপোনাৰ দায়িত্ব৷ ইয়াক ভগাই নল'ব। যদি আপুনি কম্পিউটাৰ এটা ভগাই লয়, তেন্তে আপোনাৰ তথ্যসমূহ পৰৱর্তী ব্যৱহাৰকাৰীসকলৰ পৰা সুৰক্ষিত কৰিবলৈ চাইট আৰু সেৱাৰ পৰা আঁতৰি অহাৰ আগতে লগ আউট কৰা উচিত৷
য'ত তথ্য সঞ্চয় আৰু প্রক্রিয়াকৰণ কৰা হয়
য'ত তথ্য সঞ্চয় আৰু প্রক্রিয়াকৰণ কৰা হয় Microsoft-ৰ চাইট আৰু সেৱাসমূহত সংগ্রহ হোৱা ব্যক্তিগত তথ্যসমূহ মার্কিন যুক্তৰাষ্ট্র বা অন্য দেশত সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰা হয় য'ত Microsoft বা ইয়াৰ শাখা, সহায়ক কোম্পানী বা সেৱা প্ৰদানকাৰীসকলে সুবিধাসমূহ তত্বাবধান কৰে৷ মাইক্ৰ’ছফ্টে ইউৰোপীয় অৰ্থনৈতিক ক্ষেত্ৰ, আৰু চুইজাৰলেণ্ডৰ পৰা ডাটা সংগ্ৰহ, ব্যৱহাৰ, আৰু সংৰক্ষণৰ সম্পৰ্কত আমেৰিকা যুক্তৰাজ্য বাণিজ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া আমেৰিকা যুক্তৰাজ্য-ইউৰোপীয় ইউনিয়ন সুৰক্ষিত বন্দৰ আন্তঃগাঠনি আৰু আমেৰিকা যুক্তৰাজ্য-চুইছ সুৰক্ষিত বন্দৰ আন্তঃগাঠনি অনুসৰণ কৰে। সুৰক্ষিত বন্দৰ কাৰ্যসুচীৰ বিষয়ে অধিক জানিবলৈ, আৰু আমাৰ প্ৰমাণিকৰণ চাবলৈ, অনুগ্ৰহ কৰি চাওঁক http://www.export.gov/safeharbor/।
সুৰক্ষিত বন্দৰ কাৰ্যসূচীত মাইক্ৰ’ছফ্টৰ অংশগ্ৰহণৰ অংশ হিচাপে, আমি TRUSTe ব্যৱহাৰ কৰোঁ, যি হৈছে আমাৰ নীতি আৰু অভ্যাসসমূহৰ সম্পৰ্কত আমাৰ সৈতে আপোনালোকৰ বিবাদ নিষ্পত্তি কৰাৰ বাবে এক স্বতন্ত্ৰ তৃতীয় পক্ষ। যদি আপুনি TRUSTe-ৰ সৈতে যোগাযোগ কৰিব বিচাৰে, অনুগ্ৰহ কৰি দৰ্শন কৰক: https://feedback-form.truste.com/watchdog/request।
বিভিন্ন কাৰণৰ বাবে Microsoft আপোনাৰ ব্যক্তিগত তথ্য ধৰি ৰাখিব পাৰে, যেনে আইনৰ দ্বায়িত্ব পালন, বিবাদ মীমাংসা আৰু আমাৰ চুক্তি বলবৎকৰণ ইত্যাদিৰ বাবে আৰু যেতিয়ালৈকে সেৱা প্রদান কৰিবলৈ আৱশ্যক হয় তেতিয়ালৈকে এই তথ্য প্রতিধাৰণ কৰিব পাৰে। আপোনাৰ ব্যক্তিগত তথ্যত কেনেকৈ প্রৱেশ কৰিব তাৰ বিষয়ে আৰু অধিক জানিবলৈ, আপোনাৰ তথ্যত প্রৱেশ কৰক-লৈ যাওক।
আমাৰ গোপনীয়তা ঘোষণাসমূহৰ সাল-সলনি
আমি মাজে সময়ে আমাৰ গোপনীয়তা ঘোষণাসমূহ নৱীকৰণ কৰিম যাতে ইয়াত গ্রাহকে প্রেৰণ কৰা তথ্য আৰু আমাৰ সেৱাসমূহ প্রকাশিত হয়। যেতিয়া আমি ঘোষণাত কৰা পৰিবৰ্তনসমূহ পোষ্ট কৰো, তেতিয়া আমি এই ঘোষণাৰ শীর্ষত থকা "অন্তিম আপডেট"ৰ তাৰিখ সংশোধন কৰো। যদি ঘোষণাৰ বিষয়সমূহ বা Microsoft-এ কেনেদৰে আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব তাত কোনো সলনি হয়, সেই বিষয়ে আমি আপোনাক পৰিবৰ্তনসমূহ প্ৰযোজ্য কৰাৰ পূৰ্বে নোটিচ এটা পোষ্ট কৰি সুস্পষ্ট ভাবে জাননী দিম বা পোনপটিয়াকৈ জাননী প্রেৰণ কৰিম। Microsoft এ কেনেকৈ আপোনাৰ তথ্যসমূহ সুৰক্ষিত কৰে সেই বিষয়ে জানিবলৈ আপুনি ব্যৱহাৰ কৰা পণ্য আৰু সেৱাসমূহৰ বাবে থকা গোপনীয়তা ঘোষণাসমূহ নিয়মিত সময়ৰ মূৰে মূৰে পুনৰীক্ষণ কৰিবলৈ আমি আপোনাক উত্সাহিত কৰো।
আমাৰ সৈতে কেনেদৰে যোগাযোগ কৰিব
Microsoft Privacy, Microsoft Corporation, One Microsoft Way, Redmond, Washington 98052 USA
আপোনাৰ দেশত Microsoft-ৰ শাখা বিচাৰি উলিয়াবলৈ http://www.microsoft.com/worldwide/।
FTC গোপনীয়তাৰ ব্যৱস্থা
ঘৰৰ সুৰক্ষা
Trustworthy Computing